ডিজিটেল ডেস্কঃ নিজ পত্নীক বৈদ্যুতিক কৰতেৰে টুকুৰা টুকুৰ কৰিছিল লোকজনে। ৭০ টুকুৰা কৰি কিটচ্ছেনৰ ডীপ ফ্ৰীজৰ ভিতৰত ভৰাই ৰাখিছিল। ৭ বছৰ পূৰ্বৰ সেই বীভৎস হত্যাকাণ্ডৰ শুকুৰবাৰে শাস্তি ঘোষণা কৰে আদালতে। ডেৰাডুনৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ছফটৱেৰ ইঞ্জিনীয়াৰ ৰাজেশ গুলাটিক।
২০১০ চনৰ ১৭ অক্টোবৰত স্ত্ৰী অনুপৰ্ণা(৩৬) সৈতে পাৰিবাৰিক সংঘাতৰ সূত্ৰপাত হৈছিল ৰাজেশৰ। তেতিয়া তেওঁলোকৰ মাজলৈ আহিছিল দুটি যমজ সন্তান। কাজিয়াৰ সময়ত অনুপৰ্ণাক চৰ-ভুকু শোধোৱাৰ ফলত অজ্ঞান হৈ পৰি যায়।