ডিফুঃ কাৰ্বি পাহাৰৰ পৰা দিল্লীলৈ এখন বিশেষ ৰেল যোগে যাত্ৰা কৰিলে শ-শ লোকে৷ শনিবাৰে পুৱাই ডিফুৰ ৰেলষ্টেছনৰ পৰা যাত্ৰা কৰিলে এখন বিশেষ ৰেলেৰে৷ প্ৰায় ৩ সহস্ৰাধিক যাত্ৰীয়ে অহা ২৯ মাৰ্চত নতুন দিল্লীৰ ৰামলীলা ময়দানত তিনি পাৰ্বত্য জিলা কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু ডিমা হাচাওক সামৰি ভাৰতীয় সংবিধানৰ অধিনত এখন স্বায়ত্ত ৰাজ্যৰ দাবীত জনাই প্ৰতিবাদ সাব্যস্ত কৰিব৷
দিল্লীলৈ যাত্ৰা কৰা ৰেলখন প্ৰতিবাদকাৰীসকলৰ বাবে বিশেষ ভাবে ভাড়া কৰা বুলি জানিব পৰা গৈছে৷ কাঞ্চাচডিকমে নেতৃত্ব বহন কৰা নতুন দিল্লীলৈ যাত্ৰা কৰা প্ৰতিবাদকাৰী দলটোত বিজেপি, কংগ্ৰেছৰ পৰা আৰম্ভ কৰি জিলা তিনিখনৰ বিভিন্ন ৰাজনৈতিক দল, আলোচনাপন্থী উগ্ৰপন্থী দল, ছাত্ৰ আৰু সামাজিক সংগঠনৰ নেতা-কৰ্মী, সদস্যই যাত্ৰা আৰম্ভ কৰে৷