newsnextone.com | ডিজিটেল ডেস্কঃ সংঘটিত হৈছে এটাৰ পিছত এটাকৈ ধৰ্ষণৰ ঘটনা৷ সমান্তৰালকৈ সংঘটিত হৈছে ধৰ্ষণ কৰি লোকচক্ষুৰ পৰা বাচি যাৱলৈ কৰা হত্যাৰ ঘটনাও৷ দেশৰ বিভিন্ন প্ৰান্তৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই গাৰ নোম সিয়ৰি তোলাৰ সময়তে পুৱৰ এক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই মানৱতাহীন পৃথিৱীখনৰ উন্মেষ কৰি তুলিছে৷
দিল্লীৰ ৰাজঘাটক সমীপৰ ঘতা মজজিদৰ পিছফালে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই পুনৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যুৱতীগৰাকীক গণ ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ আৰক্ষীয়ে যুৱতীগকৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷