newsnextone.com | ডিজিটেল ডেস্কঃ সংঘটিত হৈছে এটাৰ পিছত এটাকৈ ধৰ্ষণৰ ঘটনা৷ সমান্তৰালকৈ সংঘটিত হৈছে ধৰ্ষণ কৰি লোকচক্ষুৰ পৰা বাচি যাৱলৈ কৰা হত্যাৰ ঘটনাও৷ দেশৰ বিভিন্ন প্ৰান্তৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই গাৰ নোম সিয়ৰি তোলাৰ সময়তে পুৱৰ এক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই মানৱতাহীন পৃথিৱীখনৰ উন্মেষ কৰি তুলিছে৷ 

দিল্লীৰ ৰাজঘাটক সমীপৰ ঘতা মজজিদৰ পিছফালে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই পুনৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যুৱতীগৰাকীক গণ ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ আৰক্ষীয়ে যুৱতীগকৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে৷ 

জানিব পৰা মতে, যুৱতীগৰাকীৰ মৃৃতদেহ উদ্ধাৰ হোৱা স্থানত আৰক্ষীয়ে মদৰ খালী বটল, চাৰ্টৰ বুটাম আৰু কাপোৰৰ টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে ঘটনাস্থলীৰ কাষৰ ৰিক্সাচালক আৰু নিচাসক্ত ব্যক্তিসকলৰ আটক কৰি সোধপোছ অব্যাহত ৰাখিছে৷

জানিব পৰা মতে, যুৱতী গৰাকীৰ মুখমণ্ডলত শিলেৰে আঘাত কৰাৰ ফলত যুৱতীগৰাকীৰ চিনাক্তকৰণত আৰক্ষী অসুবিধাৰ সন্মুখীন হৈছে৷ যুৱতীগৰাকীৰ উচ্চতা ৫ ফুট আৰু দেহৰ ৰং বগা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ 

আনহাতে, খবৰ অনুযায়ী যুৱতীগৰাকীৰ মৃতদেহ ৭২ ঘন্টা এলএনজিপি হস্পিতালত ৰখা হ’ব৷ যদি তাত যুৱতীগৰাকীৰ চিনাক্তকৰণ নহয়, তেন্তে ঘটনাৰ সময় জানিবলৈ অটোপ্চী ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

ৰাজঘাটৰ কেইগৰাকীমান স্থানীয় লোকে জনোৱ মতে, যুৱতীগৰাকীয়ে ৰাজঘাটৰ ফুটপাথতে জীৱন নিৰ্বাহ কৰিছিল৷ কোনো পাষণ্ড যুৱকে যুৱতীগৰাকীৰ গণধৰ্ষণ কৰি পিছত শিলেৰে মৰিয়াই হত্যা কৰা হৈছে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে৷ প্ৰকাশিত বাতৰি মতে, এই ঘটনা দেওবাৰে নিশাই সংঘটিত হোৱাৰ আশংকা কৰা হৈছে৷