Home দেশদিল্লীত সমাপ্ত বিধানসভাৰ ভোটযুদ্ধ, কেজৰিৱালক বিদায় দিলে এগজিট প’লে…

দিল্লীত সমাপ্ত বিধানসভাৰ ভোটযুদ্ধ, কেজৰিৱালক বিদায় দিলে এগজিট প’লে…

by News Desk
A+A-
Reset
Kejriwal-election

নতুন দিল্লীঃ অন্ত পৰিল এখন মহাযুদ্ধৰ। ৰাজনৈতিক প্ৰচাৰ আৰু নিৰ্বাচনী দামামাৰ অন্ত পেলাই আজি সম্পন্ন হ’ল দিল্লীৰ সত্তৰখন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ। এতিয়া ইভিএমত বন্দী হৈ পৰিছে কেজৰিৱাল, বিজেপি, কংগ্ৰেছৰ ভাগ্য। ২০১৩ চনৰ পৰা দিল্লীৰ মছনদ দখল কৰি থকা অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে হেট্ৰিক অৰ্জন কৰিব নে ২৭ বছৰৰ পাছত বিজেপিৰ প্ৰত্যাৱৰ্তন ঘটিব তাক লৈ এতিয়া আৰম্ভ হৈছে জল্পনা কল্পনাৰ।

সমান্তৰালভাৱে প্ৰকাশ পাইছে বিভিন্ন সংস্থাই প্ৰকাশ কৰা এগজিট প’লৰ ফলাফলো। কিন্তু প্ৰকৃততে দিল্লী কাৰ, সেয়া স্পষ্ট হ’ব ৮ ফেব্ৰুৱাৰীত। উল্লেখ্য যে, ২০১৩ চনত কংগ্ৰেছৰ সমৰ্থনত প্ৰথমবাৰৰ বাবে দিল্লীত আপ ক্ষমতালৈ আহিছিল। কিন্তু ২০১৫ চনত কংগ্ৰেছে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সময়ত নতুন নিৰ্বাচন অনুষ্ঠিত হয় আৰু আপে ৭০খন আসনৰ ভিতৰত ৬৭খন আসন লাভ কৰে। ২০২০ চনত তেওঁলোকে ৬২ খন আসন লাভ কৰি শক্তিশালী স্থান অক্ষুণ্ণ ৰাখে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0