নতুন দিল্লীঃ আৰক্ষণক লৈ জাট সম্প্ৰদায়ৰ আন্দোলনৰ তীব্ৰতৰ হৈ উঠাৰ আশংকাই দেখা দিছে হাৰিয়ানাত। সেয়ে কাইলৈৰ জাটসকলৰ দিল্লী চলো আন্দোলন প্ৰতিহত কৰাৰ বাবে উঠি-পৰি লাগিছে দিল্লীৰ লগতে হাৰিয়ানা চৰকাৰ।
হাৰিয়ানাৰ ১৫ খন জিলাত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সংযোগ। ৰাজপথত সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে আৰক্ষীক। কোনো কাৰণতে যাতে কোনো ধৰণৰ উৰা বাতৰিয়ে ৰাজ্যখনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰবাবে বন্ধ কৰি দিয়া হৈছে বাল্ক এচএমএচৰ সুবিধা। ৰাজপথত কেম্প পতা পথচাৰীকো জেৰা কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে।