নতুন দিল্লীঃ আৰক্ষণক লৈ জাট সম্প্ৰদায়ৰ আন্দোলনৰ তীব্ৰতৰ হৈ উঠাৰ আশংকাই দেখা দিছে হাৰিয়ানাত। সেয়ে কাইলৈৰ জাটসকলৰ দিল্লী চলো আন্দোলন প্ৰতিহত কৰাৰ বাবে উঠি-পৰি লাগিছে দিল্লীৰ লগতে হাৰিয়ানা চৰকাৰ।

হাৰিয়ানাৰ ১৫ খন জিলাত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সংযোগ। ৰাজপথত সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে আৰক্ষীক। কোনো কাৰণতে যাতে কোনো ধৰণৰ উৰা বাতৰিয়ে ৰাজ্যখনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰবাবে বন্ধ কৰি দিয়া হৈছে বাল্ক এচএমএচৰ সুবিধা। ৰাজপথত কেম্প পতা পথচাৰীকো জেৰা কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। 

আজি দিল্লী আৰক্ষীৰ উচ্চস্তৰীয় আলোচনা মৰ্মে সকলো জিলা আৰক্ষী অধীক্ষকক সতৰ্ক থাকিবলৈ নিৰ্দেশ দিছে। কোনো কাৰণতে দিল্লীত ধৰ্ণা, বিক্ষোভ হ’বলৈ দিয়া নহ’ব বুলি আজি স্পষ্ট কৰি দিছে দিল্লীৰ বিশেষ আৰক্ষী অধীক্ষক দ্বীপেন্দ্ৰ পাঠকে। 

চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আদিত আন সকলো সংখ্যালঘুৰ দৰেই জাটসকলকো কোটাৰ সুবিধা প্ৰদান কৰিব লাগে-এই দাবী লৈয়ে জাট সম্প্ৰদায়ৰ হৈ অল ইণ্ডিয়া জাট আৰক্ষণ সংঘৰ্ষ সমিতি চমুকৈ আইজাচে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ প্ৰস্তুতি চলাইছে।

আজি হাৰিয়ানা চৰকাৰে দিল্লীৰ সীমামুৰীয়া অঞ্চলসমূহত হাই এলাৰ্ট ঘোষণা কৰিছে। দেওবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰৰ সিঙে জাট সম্প্ৰদায়ৰ নেতা যশপাল মালিকৰ প্ৰতিনিধিত্বত থকা দল এটাৰ সৈতে নতুন দিল্লীত আলোচনাতো মিলিত হয়।