ডিজিটেল ডেস্কঃ বিদ্যালয়ৰ স্নানাগাৰত সন্তান প্ৰসৱ কৰিলে নাবালিকা ছাত্ৰীয়ে। দিল্লীৰ মল্লিকপুৰ অঞ্চলৰ এখন চৰকাৰী বিদ্যালয়ত সংঘটিত হ’ল এই ঘটনা। ১০ বছৰীয়া বালিকাই অপৰিপক্ব ভ্ৰূণৰ নৱজাতকৰ জন্মৰ পিছতে পোহৰলৈ আহিছে নিৰ্যাতনৰ ভয়াৱহ কাহিনী।
উপলব্ধ সম্ভেদ অনুসৰি দৰিদ্ৰ পৰিয়ালৰ কন্যাগৰাকীক প্ৰতিৱেশীৰ এটা লম্পট পুৰুষে নিৰ্যাতন চলাইছিল। কোমলমতীয়া বালিকাক ধৰ্ষণ কৰা পাষণ্ড পেছাত অটোচালক। বিগত সময়ত কেবাবাৰো বালিকাগৰাকীক ধৰ্ষণ কৰি লম্পটে মনে মনে থাকিবলৈ বাধ্য কৰাইছিল।