newsnextone.com | ডিজিটেল ডেস্কঃ সতীৰ্থ সেনা মেজৰ অমিত দ্বিবেদীৰ পত্নী শৈলজা দ্বিবেদীৰ হত্যাৰ অভিযোগত আৰক্ষীয়ে ৪০ বৰ্ষীয় নিখিল ৰাজ হাণ্ডা নামৰ আৰ্মী মেজৰজনক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে পলাতক হৈ থকা নিখিলৰ মোবাইল নম্বৰ ট্ৰেছ কৰি দেওবাৰে উত্তৰ প্ৰদেশৰ মেৰঠৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে পুৱা নিখিলে শৈলজা দ্বিবেদীক হত্যা কৰাৰ পিছত মৃতদেহটো দিল্লীৰ কেন্ট মেট্ৰ’ ষ্টেচনৰ সমীপত পেলাই থৈ আহে৷ তাৰ পিছত তেওঁ তাৰ পৰা পলায়ন কৰে৷ কিন্তু তেওঁ পুনৰ অপৰাধ সংঘটিত ঠাইলৈ উভটি আহে যদিও তাত আৰক্ষীৰ উপস্থিতি দেখি পুনৰ মেৰঠলৈ পলায় যায়৷

সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি, হত্যা সংঘটিত হোৱা ঠাই টুকুৰা দিনতেই জয়াল হৈ থাকে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ যাৰ ফলত মৃতদেহটো কাৰো দৃষ্টিগোচৰ হোৱা নাছিল৷ দুপৰীয়া প্ৰায় ডেৰ বজাত এখন পানীৰ টেংকাৰ সেই পথটোৰে অহাত পথৰ দাঁতিত তেজেৰে তুমৰলি হৈ পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি ড্ৰাইভাৰে পিচিআৰক ফোন কৰি জনায়৷

এগৰাকী তদন্তকাৰী বিষয়াই দাবী কৰি কয় যে শৈলজাক হত্যা কৰাৰ পিছত নিখিল হাণ্ডাই আৰ্মী বেছ হস্পিতাললৈ গৈছিল৷ তাত তেওঁৰ পুত্ৰও চিকিৎসাধীন হৈ আছে৷ প্ৰায় ২ বজাত তেওঁ অপৰাধ স্থলীলৈ উভটি আহে যদিও তাত আৰক্ষীক দেখি নিখিলে দক্ষিণ দিল্লীৰ চাকেত স্থিত নিজ আৱাসলৈ পলায় যায়৷  

আৰক্ষী বিষয়াগৰাকীয়ে এয়াও দাবী কৰে যে, নিখিলে ঘৰ পোৱাৰ পিছত তেওঁৰ পিতৃয়ে তেওঁৰ কপালত আঘাতৰ চিন দেখি কি হৈছে বুলি সোধে৷ কিন্তু নিখিলে সাধাৰণ দুৰ্ঘটনা সংঘটিত হোৱা বুলি মিছা মাতে৷ সেইদিনাই সন্ধিয়া ৫ বজাত নিখিল হাণ্ডাই পুনৰ চিকিৎসালয়লৈ যায়৷ কিন্তু তাত তেওঁ অমিত দ্বিবেদীৰ লগতে কেইজনমান আৰক্ষীক দেখে৷  

আৰক্ষীয়ে কয়, নিখিল হাণ্ডাক তেওঁৰ পৰিয়ালে ফোন কৰি অৱগত কৰে যে তেওঁক বিচাৰি আৰক্ষী ঘৰলৈ আহিছিল৷ ইয়াৰে পিছতে নিখিলে ভয় খাই চিত্তৰঞ্জন পাৰ্কত বাস কৰা খুৰাকৰ ঘৰলৈ পলাই যায়৷ যেতিয়া তেওঁ উপলব্ধি কৰিলে যে তাতো আৰক্ষীয়ে তেওঁক বিচাৰি আছে, তেতিয়া নিখিলে তাৰ পৰা পলায়ন কৰি মেৰঠ কেন্টোনমেন্টত উপস্থিত হয়৷ 

পশ্চিম দিল্লীৰ আৰক্ষী অধীক্ষক বিজয় কুমাৰে কয়, ‘চিকিৎসালয়ৰ চিচিচিভি ফুটোজত আমি নিখিল হাণ্ডাক প্ৰত্যক্ষ কৰি সন্দেহ প্ৰকাশ কৰো৷ নিখিলে চিকিৎসালয়ত অমিত দ্বিবেদী আৰু আৰক্ষীক দেখি পলায়ন কৰিছিল৷ তেতিয়াই আমাৰ সন্দেহ ঘনীভূত হয়৷’

আৰক্ষীৰ মতে, শনিবাৰে পুৱা ১১ বজাত নিখিল হাণ্ডাই হস্পিতালত উপস্থিত হৈছিল৷ তাত তেওঁ শৈলজা দ্বিবেদিক নিজৰ গাড়ীত বহুৱাই ৰিংগ ৰোডলৈ লৈ যায়৷ গাড়ীৰ ভিতৰত দুয়োৰে মাজত বিবাহ স্থাপনক লৈ মতভেদৰ সৃষ্টি হয়৷ 

জানিব পৰা মতে, নিখিলে প্ৰাক্তন মিছ ফেমিনাৰ ফাইনেলিষ্ট শৈলজা দ্বিবেদীক বিবাহৰ প্ৰস্তাৱ দিছিল কিন্তু শৈলজাই সেয়া নাকচ কৰে৷ যাৰ ফলত দুয়োৰে মাজত মতভেদৰ সৃষ্টি হয়৷ ফলত উত্তেজনাৰ বশবৰ্তী হৈ নিখিলে গাড়ীত থকা ধাৰাল অস্ত্ৰৰে শৈলজাৰ ডিঙি ৰেপে৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শৈলজাই গাড়ীৰ দুৱাৰ খুলি পলায়ন কৰিব বিছাৰিছিল যদিও পাষণ্ড নিখিল হাণ্ডাই শৈলজৰ গাৰ ওপৰেৰে গাড়ী চলাই হত্যা কৰে৷