newsnextone.com | ডিজিটেল ডেস্কঃ সতীৰ্থ সেনা মেজৰ অমিত দ্বিবেদীৰ পত্নী শৈলজা দ্বিবেদীৰ হত্যাৰ অভিযোগত আৰক্ষীয়ে ৪০ বৰ্ষীয় নিখিল ৰাজ হাণ্ডা নামৰ আৰ্মী মেজৰজনক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে পলাতক হৈ থকা নিখিলৰ মোবাইল নম্বৰ ট্ৰেছ কৰি দেওবাৰে উত্তৰ প্ৰদেশৰ মেৰঠৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷
আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে পুৱা নিখিলে শৈলজা দ্বিবেদীক হত্যা কৰাৰ পিছত মৃতদেহটো দিল্লীৰ কেন্ট মেট্ৰ’ ষ্টেচনৰ সমীপত পেলাই থৈ আহে৷ তাৰ পিছত তেওঁ তাৰ পৰা পলায়ন কৰে৷ কিন্তু তেওঁ পুনৰ অপৰাধ সংঘটিত ঠাইলৈ উভটি আহে যদিও তাত আৰক্ষীৰ উপস্থিতি দেখি পুনৰ মেৰঠলৈ পলায় যায়৷