newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীত অনাহাৰে মৃত্যুবৰণ কৰা তিনি কন্যা সন্তান সন্দৰ্ভত নতুন নতুন তথ্য পোবৰলৈ আহিব ধৰিছে। মৃত্যুৰ পূৰ্বে বাৰে বাৰে মাতৃৰ হাতত ধৰি সন্তানে কেইটা খাবলৈ বিচাৰিছিল। ৮ টা দিন অনাহাৰে আছিল তিনিগৰাকীয়ে কন্যাই। ২ বছৰীয়া, ৪ বছৰীয়া আৰু ৮ বছৰীয়া কন্যাৰ মৰ্মান্তিক দৃশ্য প্ৰত্যক্ষ কৰিও গুৰুত্ব দিয়া নাছিল ওচৰৰ লোকে। এই কথা আৰক্ষীৰ সন্মুখত নিজেই ব্যক্ত কৰিছে সুস্থ হৈ উঠা মাতৃগৰাকীয়ে। মাতৃয়ে কয় যে বহুত দিন তেওঁলোকে খোৱা নাছিল আৰু খাবলৈ দিবলৈ কৈছিল। কেৱল খাবলৈ দিবলৈ কৈছিল সন্তান কেইটাই।
আনহাতে ডাক্তৰৰ মতে প্ৰায় ৮ দিনে অনাহাৰ আছিল তিনি শিশু। দিল্লীৰ লালবাহাদুৰ শাস্ত্ৰী হস্পিতালৰ অধ্যক্ষ অমিত চাক্সেনাই কয় যে মোৰ ১৫ বছৰীয়া কেৰিয়াৰত এনে ঘটনা দেখা নাই। তিনি সন্তানৰ শৰীৰত একোৱে নাছিল।পাকস্থলী শুকাই আছিল। পুষ্টিহীনতাত মৃত্যু হৈছে তেওঁলোকৰ।