দিল্লীঃ আটাইতকৈ অনুন্নত জীৱন শৈলীৰ চহৰ দিল্লী ৷ মাৰ্চাৰৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷ ৰাজধানী চহৰখন বিগত বৰ্ষৰ সমীক্ষাতো একেই স্থানতে আছিল৷ আনহাতে দিল্লীৰ বিপৰীতে আটাইতকৈ উন্নত চহৰখন হৈছে হায়দাৰাবাদ৷
প্ৰত্যেক বছৰে কৰা এই সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে যে বিগত বৰ্ষ সমীক্ষা আৰু এই বছৰৰ সমীক্ষাত বিশেষ পাৰ্থক্য নাই৷ কেৱল চেন্নাইত এইবছৰ যোৱা বছৰতকৈ তুলনামুলকভাৱে পৰিবহনৰ মানদণ্ড উন্নত হৈছে৷ আনহাতে আটাইতকৈ কম অপৰাধ হোৱা চহৰখন হৈছে হায়দাৰাবাদ৷