ডিজিটেল ডেস্কঃ আত্মা সন্মান হানি হোৱাৰ ভয়ত পৰিয়ালে আৰক্ষীক অভিযোগ দাখিল নকৰাত এন্ধাৰত ৰৈ গৈছিল এটি ভয়াবহ ঘটনা৷ বহু পলমকৈ যেতিয়া এই ঘটনা পোহৰলৈ আহিল তেতিয়া সৃষ্টি হ’ল তীব্ৰ চাঞ্চল্যৰ৷ পুনৰ ভয়াবহ যৌন নিৰ্যাতনৰ ঘটনাই কপাইছে দিল্লীক৷
এইবাৰ দিল্লীৰ ৰোহিনী এলেকাত দুজন কিশোৰক দহগৰাকী লোকে ৫ ঘন্টা ধৰি যৌন কাৰ্যত লিপ্ত হ’বলৈ বাধ্য কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অৱশেষত আৰক্ষীয়ে ব্যাপক অভিযান চলাই অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷