নতুন দিল্লীঃ কিমান ভয়াৱহ আছিল দিল্লীৰ হিংসাত্মক ঘটনা? বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো ৰেহাই দিয়া নাছিল আক্ৰমণকাৰীয়ে। হিংস্ৰ আৰু বৰ্বৰ হৈ পৰা আক্ৰমণকাৰীৰ কবলৰ পৰা কোনোমতে প্ৰাণটো লৈ পলাই আহিবলৈ সমৰ্থ হৈছিল 'ইণ্ডিয়ান এক্সপ্ৰেছ'ৰ সাংবাদিক শিৱনাৰায়ণ ৰাজপুৰোহিত। আক্ৰমণকাৰীয়ে তেওঁৰ পৰা কাঢ়ি লৈছিল মোবাইল ফোন। বলপূৰ্বকভাৱে ডিলিট কৰি দিছিল সংগ্ৰহ কৰা সকলো ফটো, ভিডিঅ’।
সাংবাদিকতা জীৱনৰ সেই ভয়াৱহ সময়খিনি অতিক্ৰমি কাৰ্যালয়ত ভৰি থৈ শিয়ৰি উঠিছিল শিৱনাৰায়ণ। তাৰপিছত নিজকে সামৰি তেওঁ সহকৰ্মীসকলৰ আগত বৰ্ণনা কৰিছিল সেই দুৰ্বিসহ অভিজ্ঞতা। হিন্দু হোৱা বাবেই সেইদিনা কোনোমতে প্ৰাণ বচাই কাৰ্যালয়ত আহি উপস্থিত হ'বলৈ সমৰ্থ হোৱা সাংবাদিকজনে সমস্ত ঘটনা বৰ্ণনা কৰি লিখিছেঃ
'তেতিয়া দিনৰ প্ৰায় ১ বাজিছিল। মই উত্তৰ-পূব দিল্লীৰ পশ্চিম কাৰৱাল নগৰত পথৰ মাজত এখন বেকাৰীৰ দোকানৰ সিঁচৰতি হৈ পৰি থকা বিস্কুটজাতীয় সামগ্ৰী আৰু আচবাবসমূহ প্ৰত্যক্ষ কৰি ফোন নম্বৰ সংগ্ৰহ কৰিবলৈ বুলি ৰৈছিলো।
তেনেতে প্ৰায় ৪০ বছৰ বয়সৰ এজন লোক মোৰ কাষ চাপি আহিছিল আৰু প্ৰশ্ন কৰিছিল, 'কোন হয় বে তই? ইয়াত কাৰ মূৰটো কৰি আছ?’ মই নিজকে সাংবাদিক হিচাপে পৰিচয় দিছিলো। 'বহীখন দে।’-মানুহজনে চিলনীয়ে থাপ মাৰি নিয়াৰ দৰে মোৰ হাতত থকা নোটবুকখন কাঢ়ি নিছিল আৰু কিছুমান ফোন নম্বৰ তথা ঠাইৰ নামৰ বাদে তাত একো বিচাৰি পোৱা নাছিল। 'ভালে ভালে কৈছো ইয়াৰ বাতৰি এনেকৈ কৰিবলৈ দিয়া নহ’ব।’-লোকজনে মোক ভাবুকি প্ৰদান কৰি নোটবুকটো পথৰ মাজত দাউদাউকৈ জ্বলি থকা বেকাৰীৰ দোকানখনৰ সা-সামগ্ৰীবোৰৰ মাজলৈ দলিয়াই দিছিল।
ইয়াৰ অলপ পিছতে প্ৰায় ৫০ জনীয়া দল এটা আহি মোক আগুৰি ধৰিলে আৰু এজনে মোৰ ফোনটো বিচাৰিলে। সিঁহতে ধৰি লৈছিল যে মই মোবাইলেৰে সিহঁতে সংঘটিত কৰা হিংসাত্মক ঘটনাৰ ফটো তুলিছিলো। সিঁহতে মোৰ ৰিচেণ্ট পিকচাৰ ফাইল খুচৰিছিল আৰু কোনোধৰণৰ ফটো তথা ভিডিঅ’ বিচাৰি পোৱা নাছিল। কিন্তু সিঁহতে মোৰ ফোনত থকা আগৰ সকলো ফটো আৰু ভিডিঅ’ ডিলিট কৰি মোক ফোনটো ঘূৰাই দিছিল। 'তই ইয়ালৈ কি কৰিবলৈ আহিছ?’ 'তই জেএনইউৰ পৰা আহিছ নেকি?’ যদিহে মোৰ মৰিবলৈ ইচ্ছা নাই তেন্তে সেই ঠাই এৰিবলৈ ধমকি দি মোক প্ৰশ্ন কৰিছিল সিঁহতে।
মই সেই স্থানৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰৈত ৰখাই থোৱা মোৰ বাইকখনৰ ওচৰলৈ বুলি খোজ লৈছিলো। বাইক ৰখা থোৱা বাইলেনটো পোৱাৰ লগে লগে মোক আগভেটি ধৰিছিল লাঠি, ৰড আদি লৈ থকা আন এটা দলে। সিঁহতেও মই ফটো তোলা বুলি মোক চুই কিলাবলৈহে বাকী আছিল। দলটোৰ মাজৰ পৰা আগুৱাই আহিছিল মুখ কাপোৰেৰে বান্ধি ৰখা এজন যুৱক। সি মোক ফোনটো দিবলৈ ইংগিত দিছিল। মই কৈছিলো যে অলপ আগতে কেইজনমানে ফোনটোৰ পৰা সকলো ডিলিট কৰি পেলালে। মোৰ কথালৈ গুৰুত্ব নিদি সি ভয়ংকৰভাৱে চিঞৰি উঠিছিল, 'ঐ ফোনটো দে আগতে।’ তাৰপিছত সি মোৰ পিছফালে থিয় হৈ মোৰ ভৰিত ৰডেৰে প্ৰহাৰ কৰিছিল। মই বিষত কেঁকাই উঠিছিলো। জুমটোৰ মাজৰ পৰা কেবাজনো লোকে মোক উদ্দেশ্যি চিঞৰিছিল, 'তোক কি লাগে? ফোন নে জীৱন?’ মই ফোনটো যুৱকজনলৈ আগবঢ়াই দিছিলো। সিহঁতে উল্লাস প্ৰদৰ্শন কৰিছিল আৰু যুৱকজনে ফোনটো লৈ ততালিকে ভিৰৰ মাজত অদৃশ্য হৈ পৰিছিল।
মই নিজকে চম্ভালি আগবাঢ়িবলৈ লৈছিলোহে মাত্ৰ। তেনেতে আন এটা জুম মোৰ কাষলৈ আগবাঢ়ি আহিছিল। প্ৰায় ৫০ বছৰ বয়স যেন লগা মানুহ এজন মোৰ কাষলৈ দৌৰি অহাৰ দৰে আহিছিল আৰু চিধাই মোৰ চছমাযোৰ টানি খুলি পেলাইছিল। বাকীখিনি মানুহ মোৰ কাষ পোৱাৰ লগে লগে লোকজনে মই তলকিব পৰাৰ আগতেই চৰ শোধাইছিল। চৰ মাৰি উঠি মানুহজনে চিঞৰিছিল, 'হিন্দু এৰিয়াৰ পৰা ৰিপৰ্টিং কৰিবলৈ আহিছ কুকুৰ?’ সিঁহতে মোৰ প্ৰেছ কাৰ্ডখন চেক কৰিছিল। এজনে কৈছিল, 'শিৱনাৰায়ণ ৰাজপুৰোহিত, অ’ তই হিন্দু হয়? বাছি গ’লি ৰে।’ তাৰপিছতো সিহঁতে মই যে সঁচাকৈয়ে হিন্দু হয় তাৰ আৰু প্ৰমাণ বিচাৰিলে। এজনে ক’লে, 'সঁচাকৈয়ে হিন্দু হয় যদি জয় শ্ৰীৰাম বুলি কৈ দে।’ মই নীৰৱ হৈ আছিলো।
সিঁহতে মৰিবলৈ মন নাই যদি মোক সেই ঠাই ততালিকে এৰিবলৈ ক’লে। 'তোক বিচাৰি আৰু এটা টীম আহি আছে।’-এজনে কৈছিল। মই ভয়ে ভয়ে সন্তৰ্পণে বাইকৰ কাষ চাপিছিলো। বেগখন খুচৰি বাইকৰ ছাবি বিচাৰিছিলো। এটা এটা মুহূৰ্ত সেই সময়ত মোৰ বাবে এটা যুগ যেন লাগিছিল। 'জল্দি কৰ। সিঁহত আহিলে তোক শুদাই নেৰিব।’-জুমটোৰ মাজৰ পৰা আন এজনে মোক উদ্দেশ্যি চিঞৰিছিল। অৱশেষত মই ছাবি বিচাৰি পাইছিলো আৰু বাইক ষ্টাৰ্ট দি প্ৰাণটো হাতৰ মুঠিত লৈ অচিনাকি বাইলেন এটাৰে সেই ঠাই ত্যাগ কৰিছিলো।