নতুন দিল্লীঃ উত্তৰ-পূব দিল্লীৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাৰ সহায় ল’বলৈ দাবী জনাইছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথাও জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে দিল্লীৰ আৰক্ষী।
বুধবাৰে এক টুইটযোগে কেজৰিৱালে দিল্লীৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীক শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ‘গোটেই নিশা আমি বহু মানুহৰ সৈতে কথা পাতিছো। পৰিস্থিতি খুবেই উদ্বেগজনক। সকলোধৰণৰ চেষ্টা চলোৱা সত্বেও পৰিস্থিতি স্বাভাৱিক কৰি তোলাত ব্যৰ্থ হৈছে দিল্লী আৰক্ষী। সেয়ে স্পৰ্শকাতৰ অঞ্চলসমূহৰ দায়িত্ব সেনাক অৰ্পণ কৰিব লাগে আৰু সান্ধ্য আইন জাৰি কৰিব লাগে। আমি এই লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছো।’-টুইটটোত এইদৰে কয় কেজৰিৱালে।