নতুন দিল্লীঃ সমাজৰ লগত নাৰীৰ সম্পৰ্ক অতি নিবিড় ৷ জাতি এটাৰ উন্নতিত নাৰীৰ ভুমিকা সদায় অপৰিহাৰ্য৷ ভাৰতবৰ্ষ প্ৰাচীন কালৰপৰা যিখন দেশত শক্তি, সমৃদ্ধি আৰু ঐশ্বৰ্য্যৰ প্ৰতীক হিচাবে নাৰীক স্মৰণ কৰা হয় সেইখন দেশতে আজি প্ৰতিপদে নিজৰ মৰ্যাদা হেৰুৱাবলগীয়া হৈছে নাৰীয়ে৷
পদে পদে অসুৰক্ষিত নাৰীৰ বাবে ৰাজনৈতিক, সামাজিক ন্যায় আৰু স্বাধীনতা এতিয়াও বহুদূৰ। সেয়াই যেন প্ৰতিফলিত হৈছে দিল্লী আৰক্ষীৰ শেহতীয়া সমীক্ষাত। দেশৰ ৰাজধানী চহৰখনতেই সুৰক্ষিত নহয় নাৰী। দিল্লীত প্ৰত্যেক চাৰি ঘণ্টাত ধৰ্ষিতা হয় এগৰাকীকৈ মহিলা৷ মহিলাৰ বাবে অসুৰক্ষিত বুলি সততে সমালোচিত দেশৰ ৰাজধানী চহৰখনত নাৰীজনিত অপৰাধ ক্ৰমাত বৃদ্ধি হোৱা বুলি দিল্লী আৰক্ষীৰ বাৰ্ষিক সমীক্ষাত প্ৰকাশ পোৱাত স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে সকলো।