63
বিহালীঃ বানপানী গ’ল৷ ভাঙি ছিঙি থৈ গ’ল বাট-পথ৷ বানৰ কবলত পৰি ককবকাই থকা লোকসকলে বানৰ পানী কমিল যদিও বানপীড়িত লোকৰ দুখ কুলাই-পাছিয়ে নধৰা হৈছে৷
শ শ লোকৰ ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ ফলত আজিও আশ্ৰয় শিবিৰত থাকিব লগা হৈছে৷ বিশেষকৈ বাট-পথৰ দুৰৱস্থাৰ বাবে যমৰ যাতনা ভূগিব লগা হৈছে বানাপীড়িত অঞ্চলৰ লোকে৷ বাট-পথ সমূহ ৰাজ্য তৰকাৰে শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা নকৰাত আহ-যাহত ব্যাপক সমস্যাত পৰিছে বানপীড়িত অঞ্চলৰ লোকে৷