40
ডিজিটেল ডেস্কঃ দেশত বিমুদ্ৰাকৰণৰ জৰিয়তে সন্ত্ৰাসবাদ বিয়পাইছে শাসনাধিস্থ চৰকাৰখনে৷ এই মন্তব্য কৰে বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাই৷ চৰকাৰী পৃষ্ঠপোষকতাত হোৱা এই সন্ত্ৰাসক সিনহাই নাম দিছে ‘কৰ সন্ত্ৰাসবাদ’।
অৰ্থনীতিবিদ অৰুণ কুমাৰৰ ‘Demonetization and the Black Economy’ শীৰ্ষক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশ লৈ প্ৰাক্তন বিত্ত মন্ত্ৰী গৰাকীয়ে এনেদৰে মন্তব্য কৰে৷