52
দেউপানীঃ অৱতাৰী পুৰুষ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯ সংখ্যক জন্মোৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলংৰ বৰপথাৰ কাঠকটিয়া বৰনামঘৰৰ উদ্যোগতো পালন কৰা হয়৷
বৰপথাৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শনিবাৰৰ পৰা কাঠকটিয়া বৰনামঘৰ প্ৰাংগনত অনুষ্ঠিত হৈছে। বৰপথাৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ অন্তৰ্ভুক্ত হৈ আছে ২৭ভাগ সৰু বৰ সত্ৰ নামঘৰ।