Home ৰাজ্যৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে ৯ আগষ্টত নিৰ্বাচন, এনডিএৰ প্ৰাৰ্থী হ’ব জেডিইউৰ সাংসদ হৰি বংশ

ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে ৯ আগষ্টত নিৰ্বাচন, এনডিএৰ প্ৰাৰ্থী হ’ব জেডিইউৰ সাংসদ হৰি বংশ

by News Desk
68 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ নতুন উপাধ্যক্ষ নিৰ্বাচন কৰাৰ বাবে অহা ৯ আগষ্টত নিৰ্বাচন অনুষ্ঠিত হ’ব। সোমবাৰে সংসদৰ শূন্যকালত এই কথা উল্লেখ কৰে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে। ০৮ আগষ্টৰ দিনৰ ১২ বজালৈ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব উপাধ্যক্ষ পদৰ প্ৰাৰ্থীয়ে। জানিব পৰা মতে, একালৰ জ্যেষ্ঠ সাংবাদিক তথা বিহাৰৰ জেডিইউ দলৰ ৰাজ্যসভাৰ সাংসদ হৰি বংশ এনডিএ তথা শাসকীয় পক্ষৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী হ’ব।

অধ্যক্ষ নাইডুৱে কয় যে ৯ আগষ্টৰ পুৱা ১১ বজাত জৰুৰী তথ্য পাতি সদনত ৰখা হ’ব আৰু উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। পূৰ্বৰ উপাধ্যক্ষ পি জে কুৰিয়ানৰ কাৰ্যকাল জুলাই মাহত সমাপ্ত হয়। এনডিএৰ মিত্ৰজোঁটৰ অংশীদাৰী দল বিহাৰৰ জেডিইউৰ নেতাক এই পদ এৰি দি বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে জেডিইউক সন্তুষ্ট কৰাৰ চেষ্টা কৰাৰ প্ৰয়াস কৰিব। কিয়নো দুয়ো দলৰ মাজত সময়ে সময়ে মনোমালিন্য হোৱা দেখা যায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0