77
ডিজিটেল ডেস্কঃ ধৰ্ষক বাবাজীৰ ডেৰাত যিমানেই তালাচী আগবাঢ়িছে, সিমানেই হতবাক হৈ পৰিছে আৰক্ষী বিষয়াসকল। ৰাম ৰহিম ‘বাবাজী’য়ে ডেৰা সচ্চা চৌদাৰ নাম লৈ গোপনে গোপনে যে একাধিক অনৈতিক কাৰ্যকলাপ চলাই আহিছিল সেয়া স্পষ্ট কৰি তুলিছে এটি সুৰংগই।
ৰাম ৰহিমৰ কোৱাৰ্টাৰৰ সৈতে সংলগ্ন এই সুৰংগটোৱে সংযোগ কৰিছে মহিলা ভক্ত অৰ্থাৎ সাধ্বীসকল থকা ভৱনলৈকে। সুংৰগটোৰ অত্যাধুনিক ৰূপ দেখি তালাচী চলোৱা আৰক্ষীসকলো হতভম্ব হৈ পৰে বুলি জানিব পৰা গৈছে।