ট্ৰাকখনৰ বিষয়ে বহুতেই এতিয়াও নাজানে। কিন্তু জানিবলৈ প্ৰতিজন সচেতন অসমীয়াই এতিয়া আগ্ৰহী। অথচ তথাকথিত মুখ্য ধাৰাৰ সংবাদ মাধ্যমত বিশেষ চৰ্চা হোৱা নাই ট্ৰাকখনৰ বিষয়ে। ক’ৰ পৰা ক’লৈ গৈ আছিল, কিমান কয়লা কঢ়িয়াই নিয়া হৈছিল, সৰবৰাহ কৰা কয়লাখিনি বৈধ আছিল নে অবৈধ, কিয় পুৱতি নিশা ভুল দিশেৰে যাত্ৰা কৰিছিল ট্ৰাকখনে আদি অনেক প্ৰশ্নই অৱতাৰণা ঘটিছে মানুহৰ মনত। এনে প্ৰশ্নৰ উত্তৰ বিচাৰি ঘটনাৰ গভীৰতালৈ শিপাবলৈ আগ্ৰহী প্ৰতিজন সচেতন নাগৰিক।
দেৰগাঁৱৰ বালিজানৰ হৃদয় বিদাৰক ঘটনাৰ পিছতে চৰ্চালৈ আহিছে ৰাজ্যত চলি থকা অবৈধ কয়লাৰ চিণ্ডিকেট। দেৰগাঁৱত ৩ জানুৱাৰীৰ পুৱা বনভোজলৈ বুলি ৰাওনা হোৱা এখন আল্ট্ৰা বাছৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটিছিল এখন কয়লা সৰবৰাহ কৰা ট্ৰাকৰ। দুৰ্ঘটনাই মুহূৰ্ততে প্ৰাণ কাঢ়ি নিছিল শিশুসহ ১২ জনকৈ লোকৰ। আনহাতে আহত হৈছিল ৩৩ জন। এতিয়াও হাস্পতালৰ বিচনাত সংকটজনক অৱস্থাত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে কেইবাজনেও। সেই নিশাই গোলাঘাটৰ বছা ভৰলুৱা গাঁৱৰ ৰাজহুৱা শ্মসানত যেতিয়া ১২ জন গাঁওবাসীৰ চিতা দাও দাওকৈ জ্বলিছিল, একে সময়তে হৃদয় জ্বলিছিল ৩ কোটি অসমীয়াৰ!