106
হয়তো তীব্ৰ উৎকণ্ঠাৰে নিশাটো পাৰ হৈছিল! হয়তো ৰাতিয়েই ঘৰৰ কোনোবা এজনক কৈ থৈছিল- পুৱা সোনকালে জগাই দিবি, পিকনিক যাম।
এন্ধাৰ-পোহৰতে কিজানি উথপথপ বাঢ়িছিল। বাহিৰত চাগে তেতিয়া ঘন কুঁৱলীৰ আচ্ছাদন। কোনোবাই হয়তো ফোনতে কৈছিল- গাড়ী আহিল, ওলাইছনে? তাৰ পিছতে হয়তো লৰাঢপৰা আৰম্ভ হৈছিল। গা ধোৱা, কাপোৰ পিন্ধা, ল’ৰা-ছোৱালীকেইটাক উলিয়াই দিয়া আৰু তাৰ পিছত ঠেঁটুৱৈ ধৰা জাৰ নেওচি আহি বাছত উঠা…।