ধনশিৰিঃ পুনৰ বানৰ কবলত গোলাঘাট জিলা৷ বানৰ কবলত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বহুকেইখন গাঁও বুৰ গৈছে৷ ধনশিৰি নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ শতাধিক পৰিয়াললৈ অমানিশা মাতি অনাৰ মাজতে আজি নাওজানৰ ২নং কৈৰিগাঁৱৰ ৰাজহুৱা জামে মছজিদটো ধনশিৰিৰ বুকুত জাহ যায়৷
১৯৫০ চনতে স্থাপিত জামে মছজিদটো প্ৰথমটো বানৰ গৰাখহনীয়াৰ কবলত পৰাৰ সময়তে স্থানীয় ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাইছিল৷ কিন্তু কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত নলোৱাত ৰাইজেই বাঁহ-কাঠেৰে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চেষ্টা চলায়৷