গৰৈমাৰিঃ নিৰ্বাচন আহিলে হে সংখ্যালঘুৰ কথা মনত পৰে একাংশ লোকৰ৷ বিশেষকৈ চৰ অঞ্চলৰ সংখ্যালঘু সকলক একাংশ মাতব্বৰে বছৰ বছৰ ধৰি শোষণ, শাসন কৰি থকা দেখা যায়৷ ৰাজনৈতিক দলৰ নেতাসকলে সংখ্যালঘুৰ ভোটৰ বাবে নানা প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিওঁ নিৰ্বাচনত জয়ী হৈ সংখ্যালঘু বসতি প্ৰধান অঞ্চলক ঘুৰি চাবলৈ আহৰি নোপোৱা হয়৷
নিৰ্বাচনৰ সময়ত সংখ্যালঘু দৰদী নেতা-কৰ্মীয়ে ঘৰিয়ালৰ চকুপানী টুকি ভোট ভিক্ষা কৰে৷ ভোট লাভ কৰি নিৰ্বাচনত জয়ী হৈ তাৰ পিছৰে পৰা ঘুৰি নাচায় সংখ্যলঘু এলেকাক তথা দৰিদ্ৰ লোকসকলক৷ বিশুদ্ধ খোৱাপানী, বাট-পথ, শিক্ষা, স্বাস্থ্য, কৃষি আদিত ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে বছৰ বছৰ ধৰি৷ তাৰ মাজত এখন দুখ লগা ছবিয়ে চৰকাৰ, মন্ত্ৰী, বিধায়ক, আমোলাৰ সংখ্যালঘুৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটো উদঙাই দিয়ে৷