Home ৰাজ্যপ্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টে ১০ কোটিৰ চৰকাৰী অনুদান লাভ কৰাতো সঁচা নে মিছা?

প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টে ১০ কোটিৰ চৰকাৰী অনুদান লাভ কৰাতো সঁচা নে মিছা?

by News Desk
A+A-
Reset
pride-east

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে পুনৰ নীতি বৰ্হিভূতভাৱে বৃহৎ পৰিমাণৰ ভূমি ক্ৰয় কৰাৰ অভিযোগ উত্থাপিত হৈছে। সমান্তৰালভাৱে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন ঘটাই সেই ভূমিৰ বিপৰীতে কেন্দ্ৰ চৰকাৰৰ খাদ্য সংশাধন মন্ত্ৰণালয়ৰ তৰফৰ পৰা ভূঞা শৰ্মাৰ কোম্পানী প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাৰ কথাও পোহৰলৈ আহিছে। 

আৰটিআইৰ জৰিয়তে লাভ কৰা তথ্যৰ আধাৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰী আৰু পিপিই কিট কেলেংকাৰীৰ বাতৰি সম্প্ৰচাৰ কৰা ‘ক্ৰছ কাৰেণ্ট’ নামৰ ৰাজ্যৰ এটি ডিজিটেল সংবাদ প্ৰতিষ্ঠানে পুনৰ আন এক অনিয়ম সন্দৰ্ভত বাতৰি প্ৰকাশ কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতি আৰু ছ’চিয়েল মিডিয়া একপ্ৰকাৰ উত্তাল হৈ পৰা দেখা গৈছে। সংবাদ প্ৰতিষ্ঠানটোত প্ৰকাশিত বাতৰি অনুযায়ী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই নগাও জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাৰগাজি গাঁৱত একেদিনাই ক্ৰয় কৰে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি৷ তাৰ পাছত এই মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰি তাত উদ্যোগ স্থাপনৰ বাবে ৰাজসাহায্য বিচাৰি ভাৰত চৰকাৰৰ ওচৰত আবেদন দাখিল কৰে৷ আবেদন দাখিলৰ পাছতেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে মোদী চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰিবলৈ সমৰ্থ হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0