তিনিচুকীয়াঃ অহা ১৩ অাৰু ১৪ ডিচেম্বৰত ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেঁতুত যাতায়াত বন্ধ থাকিব৷ দলঙৰ ওপৰেৰে সকলো ধৰণৰ যাতায়াত বন্ধ থাকিব বুলি এক সংবাদমেল যোগে তিনিচুকীয়া জিলা প্ৰশাসনৰ ঘোষণা কৰে।
সেঁতুখনৰ পুনৰীক্ষণৰ ফলত বন্ধ ৰখাৰ সিদ্ধাম্ত গ্ৰহণ কৰে জিলা প্ৰশাসনে। দেশৰ দীৰ্ঘতম দলংখন বন্ধ হ’ব৷ যোৱা ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ডেৰ লাখ লোকৰ উপস্থিতিত উদ্বোধন কৰিছিল এই দলংখন। ধলা-শদিয়া সংযোগী দেশৰ দীৰ্ঘতম এই দলংখন উদ্বোধন কৰিয়েই তেওঁ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নামেৰে ইয়াৰ নামাকৰণ কৰিছিল।