নিৰ্ভয়া কাণ্ডৰ পূৰ্বে ধৰ্ষণৰ গোচৰত ফাঁচীকাঠত কাক ওলমোৱা হৈছিল? মনত থকাসকলৰ বাৰু কোনো কথা নাই। মনত নথকাসকলেও গুগলত ছাৰ্চ কৰিলেই এই প্ৰশ্নৰ উত্তৰ পলকতে পাব যদিও ইয়াৰ সৈতে জড়িত হৈ আছে অনেক ৰহস্যঘন ঘটনাৰাজি। সেই সময়ত আজিৰ দৰে ইণ্টাৰনেট সংযোগৰ ক্ষিপ্ৰ ব্যৱস্থা নাছিল। দুই এখন মহানগৰৰ বাদে দেশৰ অধিকাংশ প্ৰান্ততে নাছিল ইণ্টাৰনেট। নিউজ চেনেলো ইমান নাছিল। বাতৰি কাকতেই আছিল খবৰ লাভৰ প্ৰধান উৎস।
তেনে দিনত সকলোৰে মাজত চৰ্চা লাভ কৰিছিল এটা বিশেষ খবৰে। ডাঙৰসকলে অনুচ্চ স্বৰেৰে ইজনে আনজনৰ সৈতে সেই বিষয়ে পাতিছিল আৰু সৰু ল’ৰা-ছোৱালী দেখিলেই সেয়া বাদ দি আন প্ৰসংগ উলিয়াবলৈ চেষ্টা কৰিছিল। কিয়নো ঘটনাটো আছিল অতি বীভৎস আৰু ভয়ানক। ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰাজন সকলোৰে দৃষ্টিত আছিল এজন অতি নিকৃষ্ট। ঘটনাৰ সৈতে জড়িতজনক মানুহ আখ্যা দিয়াৰ পক্ষপাতী নাছিল কোনো। সেইজন ইমানেই অধম আছিল যে ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামেও অস্বীকাৰ কৰিছিল ক্ষমা কৰি দিবলৈ। যিটো দিনত সেই অপৰাধীজনক কলকাতাৰ আলিপুৰ জেইলত ফাঁচী কাঠত ওলমোৱা হৈছিল সেই দিনটো আছিল ২০০৪ চনৰ ১৪ আগষ্ট। এয়া আছিল ভাৰতত একবিংশ শতিকাত ধৰ্ষণৰ গোচৰত মৃত্যুদণ্ড প্ৰদান কৰা প্ৰথমটো ঘটনা।