নলবাৰীঃ মঙলবাৰৰ পৰা নলবাৰী জিলাৰ ধনতোলাত পাগলদিয়া এগ্ৰো অৰগেনিক প্ৰাইভেট লিমিটেডৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কৃষকৰ বাবে এখন বিশেষ কৰ্মশালাৰ৷
শিক্ষক নৃপেন্দ্ৰ হালৈৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মশালাত নতুন দিল্লীস্থিত বায়’টেক প্ৰাইভেট লিমিটেডৰ জ্যেষ্ঠ প্ৰৱন্ধক সুবোধ পানোৱাৰ, ৰাজীৱ মিশ্ৰ, জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা, আৰ্টাৰীৰ সঞ্চালক বিদ্যুত চন্দন ডেকা, কৃষি বিজ্ঞানী ড০ মৃদুল ডেকা, নাবাৰ্ডৰ নলবাৰীৰ মুখ্য প্ৰৱন্ধক দিব্যজ্যোতি বিশ্বাস, মহকুমা কৃষি বিষয়া যোগেশ্বৰ ৰাজ মেধি, হেমন্ত কলিতা, সহকাৰী সঞ্চালক ডম্বৰুধৰ পাটোৱাৰী, কৃষি বিজ্ঞানী হিমাদ্ৰী শেখৰ দত্ত উপস্থিত থাকে৷