কোকৰাঝাৰঃ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পিপুলচ জইণ্ট একচন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট চমুকৈ পিএজিচিবিএমে ।
আজি কোকৰাঝাৰ জিলা কাৰ্যালয়ৰ নিকটৰ শিশু উদ্যানৰ সন্মুখত ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি পিএজিচিবিএমে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। অৱস্থান ধৰ্ণাথলীত পিএজিচিবিএমৰ কেইবা শতাধিক সদস্যই হাতে হাতে জনজাতিকৰণ আৰু চৰকাৰ বিৰোধী ফেষ্টুন লৈ চৰকাৰৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়ে ।