ঢেকীয়াজুলি: মুছলিম ছাত্ৰ সন্থাৰ সভাপতিৰ অব্যাহতি উঠাই ললে সংগঠনটোৱে। সংগঠনটোৰ উপ সভাপতি আব্দুল ৰহমান আৰু শিক্ষা সম্পাদক চামচুল হকে এক বিবৃতিত এই কথা প্ৰকাশ কৰি কয় যে, মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দীনক সংগঠনটোৰ সভাপতিৰ দ্বায়িত্বৰ পৰা যোৱা ৮ ফেব্ৰুৱাৰীত ২০১৮ তাৰিখে অব্যাহতি দিয়া হৈছিল যদিও সংগঠনটোৰ নেতাসকলে আজি ঢেকীয়াজুলিত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত মিলিত হৈ অব্যাহতি উঠাই লয়।
এই কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত অনুসৰি জালাল উদ্দীনক পুনৰবাৰ মুছলিম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰে।