47
প্ৰাঞ্জল বৰা, ধিংঃ কৃষ্ণ। কৃষ্ণ যে আৰু এই পৃথিৱীত নাই! কৃষ্ণৰ মৃত্যুৰ পাছতেই কাল অমানিশা নামি আহিল বটদ্ৰৱাৰ এটি দৰিদ্ৰ পৰিয়াললৈ।
বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল এটা পথ দুর্ঘটনা। দুৰ্ঘটনাত আহত হৈ মৃত্যুক সাৱটি ল’লে বটদ্ৰৱাৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৃষ্ণমনি কলিতাই। শুকুৰবাৰে কৃষ্ণমনিৰ নিঠৰ দেহ বটদ্ৰৱাৰ সৰুহিছাৰ নিজ বাসগৃহলৈ অনাৰ পাছতেই এক শোকাকুল পৰিৱেশৰ সূচনা হয়।