ধিংঃ জাপানীজ এনকেফেলাইটিজ আতংকৰ পাছত পেলুৰ আতংকই বিৰাজ কৰিছে ৰাজ্যত৷ হোজাই জিলাৰ লংকাত বৃহস্পতিবাৰে পেলুৰ দৰৱ খাই কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাৰ পাছত আজি নগাঁও জিলাতো অনুৰূপ ঘটনা সংঘটিত হোৱাত জিলাখনত সৃষ্টি হৈছে চাঞ্চল্যৰ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে যোগান ধৰা পেলুৰ দৰৱ খাই বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ কমল সূতি মোক্তাৱৰ প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰে৷
ৱাকিবুৰ ৰহমান, হুছেইন আলী, ইয়াচিন আলী, ছৰিফা খাতুন, মাজাহাৰুল ইছলাম, আজিজুল হক আৰু ইলিয়াছ আলীৰ লগতে বিদ্যালয়ৰ ৰান্ধনী ৰাণুমা বেগম, ফজিলা খাতুন আৰু কুলছুম বেগম গুৰুতৰভাৱে অসুস্থ হৈ পৰাত ধিং এফ আৰ ইউত ভৰ্তি কৰাবলগীয়া হয়৷