112
তেজপুৰঃ বিগত ৬৯ বছৰ ঢোল বজাই অসমীয়াৰ সংস্কৃতি পৰম্পৰাৰ বাৰ্তা বিলাই অহা এজন দেউৰী তথা শিল্পী পেঞ্চনাৰ। জীৱনৰ অধিক সময় জীয়াই থকাৰ সংগ্ৰামত ব্যস্ত থাকি ৰাইজৰ মাজত ঢোলৰ পৰম্পৰা জীয়াই ৰখা তৰুণ ওজাৰ বুধবাৰে ১০ এপ্ৰিলত ওপজা দিন আছিল৷
জ্যোতি সংগম, শোনিতপুৰ জিলাবিহু সুৰক্ষা সমিতি, উত্তৰ-পশ্চিম তেজপুৰ সাহিত্য সভা, শোনিতপুৰ জিলা কবি সন্মিলনৰ ৰাইজ মহিলাসকলে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো তৰুণ ওজা দেৱৰ বাসগৃহত আয়োজন কৰিলে ওপজা দিন।