Home ৰাজ্যধলা হত্যাকাণ্ডৰ তদন্তভাৰ ‘নিয়া’ক

ধলা হত্যাকাণ্ডৰ তদন্তভাৰ ‘নিয়া’ক

by News Desk
54 views
A+A-
Reset

গুৱাহাটীঃ বৃহস্পতিবাৰে শদিয়াৰ ধলাত সংঘটিত বৰ্বৰ হত্যাকাণ্ডৰ তদন্তভাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ ‘নিয়া’ক প্ৰদান কৰা হৈছে৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যখন উত্তপ্ত হৈ থকাৰ মাজতে একাংশ ৰাজনৈতিক নেতাই প্ৰৰোচনামূলক মন্তব্য কৰাত অৱশেষত ৰত্তাক্ত হৈ পৰিল অসম৷
সেই নিশা সেনাৰ পোচাকত অহা এটা দুৰ্বৃত্তৰ দলে ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ কেইজনমান যুৱকক ধলা-শদিয়া দলঙৰ ওচৰলৈ মাতি লৈ যায় আৰু তেওঁলোকক শাৰী পতাই গুলীচালনা কৰে৷ এই ঘটনাত পাঁচজন যুৱক থিতাতে নিহত হয়৷
কেন্দ্ৰীয় চৰকাৰে আজি এই ঘটনাৰ তদন্তভাৰ ‘নিয়া’ক দিয়াৰ পাছতে সংস্থাটোৰ তদন্তকাৰী বিষয়া বিবেকানন্দ দাস ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷
ইফালে, এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত জিলাখনৰ বছাগাঁৱৰ দিলকা ওৰফে জিন্তু গগৈ নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শদিয়াৰ দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়৷ লোকজনৰ আলফা (স্বাধীন)ৰ সৈতে সম্পৰ্ক আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
উত্তেজনাময় পৰিস্থিতিৰ মাজতে কালি শিৱসাগৰৰ গৌৰীসাগৰৰপৰা গ্ৰেপ্তাৰ কৰা আলোচনাপন্থী আলফা নেতা জীতেন দত্তকো গুৱাহাটীৰ এখন আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0