49
ছৈখোৱাঃ ২৬ মে’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বাৰা শুভ উদ্বোধন হ’ল এচিয়া মহাদেশৰ ভিতৰত দ্বিতীয় তথা ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম দীৰ্ঘতম দলং ধলা-শদিয়া সংযোগী ৰাইজৰ বহু প্ৰত্যাশিত ড. ভূপেন হাজৰিকা সেতু।
এই দলং শুভ উদ্বোধনীৰ পাছতেই শদিয়া বাসীৰ বহুদিনীয়া সপোন বাস্তৱত ৰূপায়িত হোৱাৰ লগতে কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতো অসমৰ ব্যৱসায়-বাণিজ্যিকে ধৰি সৰ্বাসাধাৰণৰ বাবে যোগাযোগ ব্যৱস্থা সুচল হৈ উঠিল।