ডিফুঃ আজিৰে পৰা ডিফু নগৰ সমিতিৰ চাফাই কৰ্মী সকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট সাময়িক ভাবে প্ৰত্যাহাৰ কৰা হ‌'ল৷ চাফাই কৰ্মী সকলৰ ৫৫ মাহৰ বকেয়া দৰমহা আদায়ৰ দাবীত কৰ্ম বিৰতি পালন কৰি আছিল৷ আজি এমাহৰ দৰমহা মুকলি কৰি দিয়াৰ ফলত চাফাই কৰ্মী সকলে পুনৰ কামত যোগদান কৰাৰ লগে লগে আগন্তুক শাৰদীয় দূৰ্গা পূজাত চহৰখন পৰিষ্কাৰ হৈ থকাটো স্পষ্ট হৈ পৰিছে৷

আনহাতে চাফাই কৰ্মী সকলৰ ধৰ্মঘট প্ৰত্যাহাৰত ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে৷ আজি ডিফু নগৰ সমিতিৰ সভা গৃহত এখন জৰুৰী সভা অনুষ্ঠিত হয়। এই সভাত নগৰ উন্নয়ন বিভাগ পৰিষদৰ যুতীয়া সচিব ধনেশ্বৰ ইংতি, কাৰ্য্যবাহী অভিযন্তা নিপু দত্তৰ লগতে নগৰ সমিটীৰ অনান্য বিষয়ববীয়া সকল তৃতীয়-চতুৰ্থ বৰ্গ তথা চাফাই কৰ্মী সকলৰ সৈতে মিলিত হৈ এক গুৰুত্বপূৰ্ণ মত বিনিময় কৰে৷

মত বিনিময় অনুষ্ঠানত সমিতিৰ বিষয়ববীয়া আৰু কৰ্মচাৰীৰ আলোচনাত ডিফু নগৰ সমিতিৰ বহু দুৰ্নীতি আৰু অনিয়মৰ তথ্য ফাদিল হয়৷ ডিফু নগৰ সমিতিৰ ভিতৰচৰাত সংঘটিত হৈ থকা দুৰ্নীতি আৰু অনিয়মসমূহ শীঘ্ৰে উচিত তদন্তৰ যোগেদি নিৰাময় কৰি ডিফু চহৰলৈ এক পৰিবৰ্তন অনা হ’ব বুলি আজিৰ সভাত সমিতিৰ কাৰ্য্যবাহী সদস্য ৰতন তেৰণ মন্তব্য কৰে।