ধুবুৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত হিন্দু ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিবলৈ সাজু হৈছে পোহৰৰ উৎসৱ দীপাৱলী৷ উচ্চ-নীচ ভেদাভেদ পাহৰি দীপাৱলী উৎসৱ পালনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে৷ মৃৎশিল্পীৰ দ্বাৰা প্ৰস্তুত কৰা মৰম আৰু বহু আদৰ মিহলি মাটিৰ চাকি সাজু কৰিছে মৃৎশিল্পীয়ে৷
ধুবুৰী জিলাৰ গৌৰীপুৰস্থিত ঐতিহাসিক আশাৰীকান্দিৰ পালপাৰা মৃত শিল্পগ্ৰামৰ মৃৎশিল্পীসকলো ভীষণ ব্যস্ত৷ মৃৎশিল্পকলাৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰা সৰলাবালা দেৱীৰ মৃত্যুৰ পিছতো পিছপৰি থকা আশাৰীকান্দিৰ শিল্পী সকল৷ আশাৰীকান্দিৰ পালপাৰাত আছে প্ৰায় ১৩৫ ঘৰ মৃৎ শিল্পী৷