গোলকগঞ্জঃ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ মদ, জুৱাৰ বিৰুদ্ধে সস্তম হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন৷ যোৱা কেইবাদিন ধৰি অবৈধ মদ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতে ধুবুৰী জিলাৰ গোলকগঞ্জত শুকুৰবাৰে ব্যাপক অভিযান চলাই আবকাৰী বিভাগে৷
অভিযান কালত আবকাৰী বিভাগে বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, আবকাৰী বিভাগৰ অধীক্ষকৰ উপস্থিতিত আৰু স্থানীয় আৰক্ষীৰ সহযোগত জগমোহন বিদ্যাপীঠৰ সন্মুখত থকা দীৰ্ঘদিন ধৰি বিদেশী সুৰা মুকলিকৈ বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷