গোলকগঞ্জঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহৰ মান নিৰূপণ কৰি শিক্ষা ব্যৱস্থাক গতিশীল কৰাৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যত আৰম্ভ কৰিছে গুণোৎসৱ৷ ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈ যোৱাৰ পিছত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে৷
তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বৃহস্পতিবাৰে দ্বিতীয় দিন৷ ৰাজ্যৰ ১৩ খন জিলাৰ লগতে ধুবুৰী জিলাৰ গোলকগঞ্জ শিক্ষা খণ্ডৰ বিভিন্ন বিদ্যালয়ত ব্যাপক ব্যস্ততাৰে অনুষ্ঠিত হয় দ্বিতীয় দিনৰ কাৰ্যসূচী৷ গোলকগঞ্জৰ আগশাৰীৰ শিক্ষানুষ্ঠান চিন্ময়ী ছোৱালী মধ্য ইংৰাজী বিদ্যালয় পৰ্যবেক্ষণ কৰে গৌৰীপুৰ প্ৰমথেশ বৰুৱা কলেজৰ প্ৰৱক্তা মনছুৰ আলী সৰকাৰ, ধুবুৰী বি এন কলেজৰ অধ্যাপিকা দ্বীপা ঘোষে৷