ধুবুৰীঃ ক্ৰম্বান্বয়ে যেন একাংশ মানুহে মানৱতা সচাকৈ হেৰাই পেলাইছে৷ নিজ গৰ্ভত থিতাপি লোৱা সন্তানক কেনেকৈ দলিয়াব পাৰে মানুহে৷ বিবাহৰ পিছত সন্তানহীনা দম্পত্তীয়ে এটি সন্তান কামনা কৰি ডাক্তৰ কবিৰাজৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিব লগা হয়৷
কিন্তু একাংশ লোকে নিজ গৰ্ভত থিতাপি লোৱা সন্তানক কাউৰি, শিয়াল, কুকুৰৰ মুখলৈ দলিয়াই তৃপ্তি লাভ কৰে৷ একাংশ লোকে নিশাৰ এন্ধাৰত নিজৰ কৰ্ম ঢাকিবলৈ শিয়াল-কুকুৰৰ মুখত দলিযায় থৈ যায় পানী কেচুৱা৷ ধুবুৰী জিলাৰ গৌৰীপুৰত তেনে দেৱশিশু এটিৰ মৃতদেহ নিঠৰ হৈ পৰি ৰয় সামন্য জংঘলত৷