গোলকগঞ্জঃ শিশু আৰু প্ৰসূতিক আৱশ্যকীয় প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ধুবুৰী জিলাই শেহতীয়াভাৱে বিশেষ অগ্ৰগতি লাভ কৰি ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। যোৱা বিত্তীয় বৰ্ষটোত লক্ষ্য নিৰ্ধাৰণ কৰা ৫১৩৮৭টি শিশুৰ বিপৰীতে জিলাখনত ৪৯০৮১টা শিশুক প্ৰতিষেধক প্ৰদান কৰা হৈছে। সফলতাৰ হাৰ ৯৬ শতাংশ।
জিলা প্ৰতিষেধক বিষয়া ড’ জয়দীপ ভট্টাচাৰ্যৰ উদ্ধৃতিৰে জিলা জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে এই সময়ছোৱাত ১৮৬৪২গৰাকী প্ৰসূতিৰ বিপৰীতে ৯৭ শতাংশ লক্ষ্য আহৰণেৰে ১৮০২৬গৰাকীৰ টিকাকৰণ সম্পন্ন হৈছে। যোৱা মাহৰ শেষৰ ফালে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ সমীক্ষাত ধুবুৰী জিলাই এই ফলাফলেৰে ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে।