খাৰুপেটীয়াঃ ধূলাত চেপা উত্তেজনা অব্যাহত আছে৷ সান্ধ্য আইনৰ বাবে আৰু আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে তহল দি থকাত মানুহে ঘৰৰ পৰা বাহিৰলৈ আহিবলৈ সাহস কৰা নাই৷ দৰং জিলাৰ ধূলাত আৰক্ষীৰ জিম্মাত এগৰাকী আচামীৰ মৃত্যুৰ প্ৰতিবাদ কৰিব আহি আন এগৰাকী লোক আৰক্ষীৰ গুলীত নিহত হোৱাৰ ঘটনাৰ উত্তেজনাই আজিওঁ শাম কটা নাই৷
দুগৰাকী লোকৰ মৃত্যু তথা আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পিছৰে পৰা চেপা উত্তেজনা অব্যাহত আছে ধূলাত৷ আনহাতে বুধবাৰে নিশা ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা সমস্ত কাণ্ডৰ অভিযুক্ত আৰক্ষী বিষয়া ৰঞ্জিৎ হাজৰিকাক আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই মাৰাথান জেৰা চলাই৷ হাচান আলী নামৰ আচামীগৰাকীক বেয়াকৈ প্ৰহাৰ কৰি হত্যা কৰা বুলি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই অহাত লংকাকাণ্ড সংঘটিত হৈছিল৷