খাৰুপেটীয়াঃ দৰং জিলাৰ ধূলা আৰক্ষীয়ে আটক কৰা এগৰাকী লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ মঙলবাৰে নিশা শ্ৰমিক হিচাপে কাম কৰা হাচান আলী নামৰ যুৱকজনে কাম কৰি ঘৰলৈ অহাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল৷
আৰক্ষীয়ে আটক কৰি বেয়াকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷ কেৱ ইমানে নহয় আৰক্ষীয়ে লোকজনক পানীত তিয়াই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷ তাৰ পিছতে নিশাই যুৱকজনৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ধূলা অঞ্চলত৷ প্ৰথমে লোকজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পিছলৈ গুৱাহাটীলৈ আনি আইচিইউত ৰখা বুলি দাবী কৰে ৰাইজে৷