49
ডিব্ৰুগড়ঃ ১৯৭৮ চনৰ ১২ মাৰ্চত প্ৰতিষ্ঠা হোৱা অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ।
জন্মলগ্নৰেপৰা অসমত পূৰ্ণ স্বায়ত্ব শাসন প্ৰৱৰ্তন, দ্বি-নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ লগতে অসমৰ খনিজ আৰু বনজ সম্পদৰ ওপৰত অসমীয়াৰ কৰ্তৃত্ব স্থাপন কৰা তথা ভূমি সম্পদ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্তকৰণৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দীৰ্ঘদিন ধৰি গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিছে।