চাবুৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা এটি পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত হোৱাৰ লগতে শামূকীয়া গতিত পথ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ ডিব্ৰুগড়ৰ চাবুৱাত৷ খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত ৰাইজে বিভাগীয় নিয়ম মতে পথ নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন কৰি চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাক স্মৰাক পত্ৰ প্ৰদান কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷
যোৱা ৩১ জানুৱাৰীত ৰাইজে পথ অৱৰোধ কৰি স্থানীয় বিধায়কক স্মাৰক প্ৰদান কৰিছিল৷ ক্ষোভিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বিধায়কক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল যদিও ৰাইজৰ দাবীক তিলমানো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ ২০১৭ চনৰ ৫ জুনত সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ জিলাৰ চাবুৱাৰ দিনজয় সত্ৰৰ পথটো নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল৷