ডিব্ৰুগড়ঃ আগন্তুক লোকসভাৰ প্ৰথম পৰ্যায় নিৰ্বাচন দিন ক্ৰমান্বয়ে চমু চাপি অহাত প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰ ৰাইজৰ মন আৰ্কষিত কৰিবলৈ দিনে নিশাই কৰ্মীসকল উঠি পৰি লগা পৰিলক্ষিত হৈছে। 

শুকুৰবাৰে লক্ষীমপুৰ লোকসভা সংসদীয় সমষ্টি ভাৰতীয় জনতা পাটীৰ উদ্যোগত কেইবা সহস্ৰধিক ৰাইজৰ উপস্থিতিত ডিকমত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। বিজেপি নেতা মৃদুল ৰাজখোৱাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত লক্ষীমপুৰ লোকসভা সমষ্টিৰপৰা প্ৰাৰ্থীত্ব আগবঢ়োৱা সাংসদ প্ৰদান বৰুৱা, চাবুৱা সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিনোদ হাজৰিকা উপস্থিত থাকে। 

বিজেপি নেতৃত্বধীন চৰকাৰখনে দেশৰ জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলি সাংসদ প্ৰদান বৰুৱাই সভাত উল্লেখ কৰে। সৰ্ব দিশত বিজেপিৰ দক্ষ নেতা নৰেন্দ্ৰ মোদী পুনৰ শাসনৰ ভাৰ দিবলৈ ভোটাৰ ৰাইজক প্ৰদান বৰুৱাই আহ্বান জনায়। কেন্দ্ৰত কংগ্ৰেছ শাসনৰ কালচোৱা সময়ত দেশৰ উন্নয়ন গান্ধী পৰিয়ালে ধ্বংস কৰি দিলে বুলি সভাত সাংসদ প্ৰদান বৰুৱা তাৰ্পয্য মন্তব্য প্ৰদান কৰে। 

চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই সভাত কংগ্ৰেছৰ লক্ষীমপুৰ প্ৰাক্তন সাংসদ ৰাণী নৰহক কটাক্ষ কৰি কয় যে ডিকমৰ উন্নয়নৰ ক্ষেত্ৰত বিগত সময়ত একো অৱদান নাই বুলি উল্লেখ কৰে। বিজেপি লক্ষীমপুৰ লোকসভাৰ সমষ্টি প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদান বৰুৱাক বিবেক ভোট দিবলৈ বিধায়ক বিনোদ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ সভাত সকলোকে আহ্বান জনায়।