Home ৰাজনীতি‘ভোট ভাইব’ৰ সমীক্ষা, হিমন্তক তীব্ৰ প্ৰত্যাহ্বান জনাই সমানে সমানে আগবাঢ়িছে গৌৰৱ গগৈ!

‘ভোট ভাইব’ৰ সমীক্ষা, হিমন্তক তীব্ৰ প্ৰত্যাহ্বান জনাই সমানে সমানে আগবাঢ়িছে গৌৰৱ গগৈ!

by News Next One
A+A-
Reset

গুৱাহাটীঃ আসন্ন বিধানসভা নিৰ্বাচনলৈ মাজত আৰু দহ মাহতকৈও কম সময়। লাহে লাহে অসমত বলিবলৈ আৰম্ভ কৰিছে ২০২৬ ৰ নিৰ্বাচনী বা। এনে পৰিস্থিতিত প্ৰশ্ন এটাও উত্থাপন হৈছে- কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? ৰাইজে পছন্দ কৰে কাক? চৰ্চাৰ শিৰোনাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত প্ৰাসংগিকতা বৃদ্ধি পাইছে গৌৰৱ গগৈৰো।

বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত শাসকীয় বিজেপিয়ে উবুৰি খাই পৰাৰ পিছতো গৌৰৱ গগৈৰ বাধাহীন জয় আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী আৰু শাসকীয় দলৰ অন্য মন্ত্ৰী-বিধায়কে তেওঁক লৈ হকে-বিহকে কৰি অহা টিপ্পনীয়ে ৰাজ্যৰ ৰাজনীতিত প্ৰাসংগিক কৰি তুলিছে গৌৰৱ গগৈক। শেহতীয়াকৈ তেওঁৰ ওপৰত হাইকমাণ্ডে ভৰসা ব্যক্ত কৰি ৰাজ্যিক কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰুদায়িত্ব অৰ্পণ কৰাৰ পিছত এতিয়া প্ৰদেশ কংগ্ৰেছত যেন লহপহাই উঠিছে এক নতুন উদ্যমে।

গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ ‘পাকিস্তান’, ‘হিন্দু বনাম মুছলমান’ৰ বাক-বিবাদে অসমৰ ৰাজনৈতিক পৰিৱেশ আমোদজনক কৰি তোলাৰ সময়তে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ প্ৰকাশ পাইছে এক মতামত সমীক্ষা। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মাজৰ এই মুখ্যমন্ত্ৰীকেন্দ্ৰিক যুঁজখনত ৰাইজৰ মতামত অনুসৰি ব্যৱধান হৈছে মাত্ৰ ০.৮ শতাংশ পইণ্ট। অৰ্থাৎ এই মুহূৰ্তত যেন অসমৰ ৰাইজে সমান জোখাৰে তুলাচানীত তুলিছে দুয়োজন শক্তিশালী প্ৰতিদ্বন্দ্বী নেতাক।

VoteVibeLLP-এ দহ হাজাৰৰো অধিক লোকক ৰেণ্ডম ডিজিট ডায়েলিঙৰ জৰিয়তে সামৰি প্ৰস্তুত কৰা সমীক্ষা অনুসৰি অসমৰ ৪৫.৬ শতাংশ ৰাইজে পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বিচাৰে হিমন্ত বিশ্ব শৰ্মাক। ইয়াৰ বিপৰীতে ৪৪.৮ শতাংশ লোকৰ প্ৰথম পছন্দ হৈছে গৌৰৱ গগৈ। অৰ্থাৎ দুয়োগৰাকী নেতাৰ মাজত ব্যৱধান মাত্ৰ ০.৮ শতাংশ পইণ্টৰ। অৱশ্যে দলীয় পৰ্যায়ত কংগ্ৰেছতকৈ বহুখিনিয়েই আগবাঢ়ি আছে বিজেপি মিত্ৰজোঁট।

সমীক্ষা অনুসৰি ৰাজ্যৰ ৪৯.৮ শতাংশ লোকে এতিয়াও আস্থা ব্যক্ত কৰিছে বিজেপি মিত্ৰজোঁটৰ ওপৰত। বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে অধিক ভাল কাম কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে ৩৯.৩ শতাংশ লোকে। এই পৰিসংখ্যাৰ জৰিয়তে বিজেপিয়ে পুনৰ জনতাৰ বিশ্বাস লাভ কৰিবলৈ সক্ষম হৈছে যদিও মুখ্যমন্ত্ৰীৰ পছন্দৰ ক্ষেত্ৰত যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কাঠে কাঠে পৰিছে গৌৰৱ গগৈ।

ইফালে, এই সমীক্ষাত লিংগৰ স্পষ্ট পাৰ্থক্যও দেখা গৈছে। ৫০ শতাংশ পুৰুষ ভোটাৰে হিমন্তক পছন্দ কৰাৰ বিপীৰতে ৪১ শতাংশই পছন্দ কৰে গৌৰৱ গগৈক। লক্ষণীয়ভাৱে হিতাধিকাৰী আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰি আহিছে যদিও এই সমীক্ষা অনুসৰি অধিকসংখ্যক মহিলাৰে শীৰ্ষ পছন্দ নহয় হিমন্ত বিশ্ব।

সমীক্ষা মতে, ৰাজ্যৰ ৪৯ শতাংশ মহিলা ভোটাৰে গৌৰৱ গগৈক পছন্দ কৰে, আনহাতে ৪১ শতাংশ ভোটাৰে ভাল পায় হিমন্ত বিশ্ব শৰ্মাক। বয়সভিত্তিক পছন্দৰ ক্ষেত্ৰতো তীক্ষ্ণ বিভাজন দেখা গৈছে। ১৮-২৪ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ ৫১ শতাংশ গৌৰৱ গগৈৰ পক্ষত থকাৰ বিপৰীতে হিমন্তক সমৰ্থন কৰা যুৱ প্ৰজন্মৰ সংখ্যা ৪৪ শতাংশ। কিন্তু হিমন্তৰ জনপ্ৰিয়তা ৩৫-৪৪ বছৰ বয়সৰ ভোটাৰৰ মাজত বেছি, সেয়া হৈছে ৫১ শতাংশ।

বৃদ্ধ (৫৫+)ৰ ভিতৰত গৌৰৱ গগৈ পুনৰ ৫০ শতাংশ সমৰ্থনেৰে আগবাঢ়ি আছে। আন সম্ভাব্য মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ ভিতৰত বদৰুদ্দিন আজমল (এআইইউডিএফ), হাগ্ৰাম মহিলাৰী (বিপিএফ) আৰু প্ৰমোদ বড়ো (ইউপিপিএল) ৰ সমৰ্থন ২ শতাংশতকৈও কম। ইয়াৰ উপৰি সমীক্ষাত ভাগ লোৱা ৫.১ শতাংশ ভোটাৰৰ পছন্দ ‘অন্য প্ৰাৰ্থী’ আৰু ১ শতাংশ ভোটাৰৰ মত ‘অনিৰ্ণিত’।

এই ফলাফলসমূহে আগন্তুক নিৰ্বাচনৰ পূৰ্বে অসমত প্ৰবল ৰাজনৈতিক উত্তেজনাৰ ইংগিত দিলেও শীৰ্ষ নেতা দুগৰাকীৰ আঁৰৰ শক্তিশালী ৰাজহুৱা ভেটিয়ে ৰাজনীতিৰ ভৱিষ্যৎ কেনেদৰে নিৰ্ধাৰণ কৰিবলৈ গৈ আছে সেয়াও স্পষ্ট কৰি দিয়ে। কিন্তু এয়া কেৱল সমীক্ষাহে, বাস্তৱত শেষ হাঁহি কোনে মাৰে সেয়া হ’ব লক্ষণীয়।

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0