গুৱাহাটীঃ পাবলৈ ৰৈ গ’ল অনেক স্বীকৃতি, লিখিবলৈ থাকিল অনেক কথা। এনেকৈয়ো বহু কথা, বহু পৰিকল্পনা আধাতে সামৰি পাঠকৰ প্ৰশংসা লৈ দূৰ-দূৰণিলৈ গুচি গ’ল কবি অনুভৱ তুলসী। মঙলবাৰে পুৱা ১০:০৫ বজাত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কবি, অনুবাদক, গল্পকাৰ চলচ্চিত্ৰ সমালোচক অনুভৱ তুলসীয়ে।
উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ জিএনআৰচি হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল কবিগৰাকী। বিশিষ্ট কবিগৰাকীক হাস্পতালখনৰ আইচিইউত ভেল্টিলেটৰত ৰাখি এদল বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা নিৰন্তৰ চিকিৎসা সেৱা আগবঢ়োৱা হৈছিল। শনিবাৰে দিনৰ ১০.৩০ বজাত হঠাতে মালিগাঁৱৰ গোটানগৰৰ সতী জয়মতী নগৰৰ নিজা বাসভৱনত মগজুৰ ষ্ট্ৰোকত আক্রান্ত হোৱাত পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত ভর্তি কৰাইছিল।
তাৰ পাছত তাত তেওঁক আইচিইউত ভৰ্তি কৰাই বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত চিকিৎসা প্রদানৰ পাছতো স্বাস্থ্যৰ অলপো উন্নতি নোহোৱাত শনিবাৰে সন্ধিয়া জিএনআৰচি হাস্পতালত ভৰ্ত্তি কৰোৱা হয়। তাত শনিবাৰে নিশা আইচিইউত ভৰ্ত্তি কৰাই চিকিৎসা প্ৰদান কৰাৰ পাছতো স্বাস্থ্যৰ উন্নতি নোহোৱাত পৰৱৰ্তী সময়ত কৃত্ৰিম জীৱনদায়িনী পদ্ধতিৰে ভেল্টিলেটৰত ৰাখিবলগীয়া হয়। সোমবাৰে নিশা পৰ্যন্ত তেওঁৰ স্বাস্থ্য অপৰিৱৰ্তিত হৈয়ে থাকে।
অৱশেষত আজি পুৱাৰ ভাগতে বিদায় ইহজগত ত্যাগ কৰে ‘দোৰোণ’ ফুলৰ কবিগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁ পত্নী পত্নী মিতালী ঘোষ, একমাত্ৰ কন্যা আৰু পুত্ৰক এৰি থৈ যায়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ।
নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্য, নৱকান্ত বৰুৱা, অজিৎ বৰুৱা আদি আধুনিক কবিসকলৰ উত্তৰসূৰীৰূপে অসমীয়া কবিতাক শক্ৰিশালীভাৱে আগুৱাই নিছিল অনুভৱ তুলসীয়ে। তেওঁৰ প্ৰকাশিত কবিতা-সংকলন হৈছে নাজমা (১৯৮৫); দোৰোণ ফুল (১৯৯৬); জলমগ্ন দৃশ্যাৱলী (১৯৯৬), কাব্যপীঠ (১৯৯৭), নিৰ্জ্ঞান নেপথ্য (২০০১), চৰাইৰ চকুত ফুলৰ বিচনা (২০০৩), পানীকাউৰী (২০০৫), জয় জয়তীৰ জয় (২০০৬), জুইচোৰ (২০০৭), জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য (২০০৮), দেওচেলেং (২০১০), ডেম’ক্রেচি অৱ আমব্রেলাজ (২০১০), ঢেঁকীয়াপতীয়াৰ পিতৃ (২০১১), মাইহাং বাটিৰ চাঁদ (২০১২), বৰষুণৰ খেতিয়ক (২০১৫), মাটিভাষা (২০১৭), অনুভৱ তুলসীৰ শ্রেষ্ঠ কবিতা (২০১৭), দিন ৰাতিৰ দুৱৰী (২০১৮), ডিৱর্ড (২০১৮) আৰু বানান কৰি পঢ়া লুইতৰ পানী (২০১৯)। আনহাতে অনূদিত গ্রন্থকেইখন হৈছে আনা আখমাত ভাৰ কবিতা (২০০১), বেলিসূতা সোণপৰুৱা (২০০৬), সম্পর্ক (২০১২), পুৰাতন এই বীণখনি (২০১৫), নজনা জুনুকা (২০১৬) আৰু নৰা তগৰৰ গন্ধ (২০১৮)।
তেওঁ ১৯৯৭ চনত দোৰোণ ফুল’ৰ বাবে মুনীন বৰকটকী বঁটা, ২০০২ চনত কেন্দ্রীয় চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ জ্যেষ্ঠ ফেল’শ্বিপ লাভ কৰিছিল। তদুপৰি ২০১৫ চনত অন্তর্লিপি সাহিত্য বঁটা, ২০১৭ চনত সাহিত্যজ্যোতি বঁটা, ২০১৭ চনত অসম সাহিত্য সভাৰ শতবর্ষীয় সাহিত্য সম্মান, ২০১৯ চনত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য সন্মান আৰু ২০১৯ চনত জমিৰুদ্দিন সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও অনুভৱ তুলসীৰ কবিতা গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু লক্ষীমপুৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে।
কেৱল অসমীয়া সাহিত্যতেই নহয়, ভাৰতীয় সাহিত্যতো তেওঁ নিজকে এজন প্ৰতিথযশা কবি তথা সাহিত্যিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰি থৈ গৈছে। তেওঁৰ প্ৰকৃত নাম আছিল ডিম্বেশ্বৰ শইকীয়া। ১৯৫৮ চনৰ ৩ ডিচেম্বৰত নগাঁও জিলাৰ তুলসীমুখত জন্মগ্ৰহণ কৰা অনুভৱ তুলসীৰ পিতৃৰ নাম লক্ষ্মীকান্ত শইকীয়া আৰু মাতৃ আছিল লাবণ্য শইকীয়া। তুলসীমুখত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত ১৯৭৯ চনত নগাঁও কলেজৰ পৰা ইংৰাজীত সন্মানসহ স্নাতক ডিগ্রী লাভ কৰে। ইয়াৰ পিছতেই ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে।
১৯৮৩ চনত শুৱালকুছিৰ শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত ইংৰাজী বিষয়ৰ প্রবক্তা হিচাপে কর্মজীবনৰ আৰম্ভণি ঘটাই ২০১৮ ত উক্ত মহাবিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে। বিংশ শতিকাৰ শেষৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ বিশেষ অৱদান আছে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, পেংগুইন, নৰ্থ ইষ্টাৰ্ণ পাৰ্বত্য বিশ্ববিদ্যালয়, সাহিত্য অকাডেমি, নেশ্যনেল বুক ট্ৰাষ্ট আদিৰ পৰা প্ৰকাশিত সম্মানজনক গ্ৰন্থত তেওঁৰ কবিতা অন্তৰ্ভুক্ত হৈছে।
বিশিষ্ট কবি-অনুবাদক অনুভৱ তুলসীৰ বিয়োগত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে। অসমৰ এগৰাকী বিশিষ্ট কবি, অনুবাদক, গল্পকাৰ, চলচিত্ৰ সমালোচক অনুভৱ তুলসীৰ বিয়োগত অসম সাহিত্য সভাৰ যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখনি শোকসভা অনুষ্ঠিত হয়৷ সভাখনিৰ আঁত ধৰে কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড°জ্যোতিৰেখা হাজৰিকাই৷
ড° জ্যোতিৰেখা হাজৰিকাই প্ৰয়াত অনুভৱ তুলসীৰ জীৱন আৰু কৃতি সম্পৰ্কে আলোকপাত কৰি কয় যে বহু উল্লেখযোগ্য স্বীকৃতিৰ লগতে অনুভৱ তুলসীয়ে অসম সাহিত্য সভাৰ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা আৰু সভাপতিৰ শতবৰ্ষীয় সাহিত্য সন্মান লাভ কৰিছিল। ইয়াৰ উপৰিও অনুভৱ তুলসীয়ে যোৱা ৬, ৭ আৰু ৮ জুনত নগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যকালৰ প্ৰথম লেখক শিবিৰৰ কবিতা-শিৱিৰৰ দ্বিতীয়খন বৈঠক সঞ্চালনা কৰিছিল৷
শোকসভাখনিত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে অসমৰ এগৰাকী বিশিষ্ট কবি,অনুবাদক অনুভৱ তুলসীৰ বিয়োগ অসমৰ সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰে৷ শোকসভাত অসম সাহিত্য সভাৰ ধনভঁৰালী মণিৰাম লাহন,সভাৰ বিদ্যায়তনিক কেন্দ্ৰ ড° মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থানৰ পঞ্জীয়ক ড°অদিতি বেজবৰুৱা, সভাৰ প্ৰধান সচিব অশোক কুমাৰ সেনাপতি আৰু সভাৰ সমূহ কৰ্মচাৰী উপস্থিত থাকে৷
ইফালে, বিশিষ্ট কবি, সাহিত্যিকজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লাগে লাগে বিভিন্নজনে হাস্পতাললৈ গৈ তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনায়। তেওঁৰ নশ্বৰ দেহ হাস্পতালৰ পৰা গুৱাহাটীৰ মালিগাঁৱৰ বাসগৃহলৈ লৈ নিয়া হয়। মালিগাঁৱত বিভিন্নজনে শেষ শ্ৰদ্ধা জনোৱাৰ পাছত বিয়লিৰ ভাগত কবিগৰাকীৰ শেষকৃত্য সম্পন্ন হয় গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত। একমাত্ৰ পুত্ৰ অৰ্ণৱ শইকীয়াৰ শাৰীৰিক অসুস্থতাৰ বাবে একমাত্ৰ কন্যা সঞ্জীৱনী শইকীয়াই মুখাগ্নি কৰে। অন্ত্যষ্টিক্ৰিয়াৰ সময়ত নৱগ্ৰহ শ্মশানত তেওঁৰ অনেক গুণমুগ্ধই ভিৰ কৰে। কবি ৰাজীৱ বৰুৱা, নীলিম কুমাৰ, কুশল দত্ত, সমীৰ শংকৰ দত্ত, প্ৰেম নাৰায়ণ নাথ, মৈত্ৰেয়ী পাটৰ, দ্বীপৰাজকে ধৰি ন-পুৰণি কবিসকলে নৱগ্ৰহত সমবেত হৈ প্ৰিয় কবিগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।