Home ৰাজ্যসাংবাদিক-কবি-সমাজ সংগঠক ২৫ ব্যক্তিক সম্বৰ্ধনা জনাব সাংবাদিক সুৰক্ষা মঞ্চই

সাংবাদিক-কবি-সমাজ সংগঠক ২৫ ব্যক্তিক সম্বৰ্ধনা জনাব সাংবাদিক সুৰক্ষা মঞ্চই

by News Desk
A+A-
Reset

ডিব্ৰুগড়ঃ সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অহা ৩০ মাৰ্চত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলা লাহোৱাল এছ কে এছ ইংলিছ একাডেমীৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা সাংবাদিক, কবি, সমাজ সংগঠক, শিল্পীসহ ২৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই।

মঞ্চই সম্বৰ্ধনা জনাবলগীয়া ব্যক্তিসকল ক্ৰমে ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সাংবাদিক কবীৰ শইকীয়া, ডিকমৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন্দ্ৰ নাথ সন্দিকৈ, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিকৰ সম্পাদক আদিত্য শইকীয়া, ‘দৈনিক গণ অধিকাৰ’ কাকতৰ সাংবাদিক নেকিব আহমেদ, ‘দৈনিক জনমভূমি’ কাকতৰ সাংবাদিক ৰমেশ হাজৰিকা, ধৰণী গগৈ, ‘ভি এণ্ড এছ’ৰ সাংবাদিক মুক্তামনি হাজৰিকা, ‘নিউজ লাইভ’ৰ সাংবাদিক সুৰজ দত্ত, ‘প্ৰতিদিন টাইম’ৰ সাংবাদিক দেৱজিৎ চুতিয়া, ‘প্ৰাগ নিউজ’ৰ সাংবাদিক হোমেন ফুকন, ফটো সাংবাদিক বিশ্বজিৎ ফুকন, বিশিষ্ট কবি দিলীপ কুমাৰ বৰুৱা, উজনি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া, উদীয়মান কণ্ঠশিল্পী ৰাগদীপ চেতিয়া, বিশ্বজিৎ খাটোৱাল, বিনা বেতনে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষক বীৰেণ ফুকন, চাবুৱাৰ বিশিষ্ট চিকিৎসক ডাঃ সৌৰভ বুঢ়াগোহাঁই আৰু অসমৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাত মাতি অহাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে গাঁৱৰপৰা নগৰ-চহৰ, দিছপুৰ-দিল্লী আদিত আন্দোলনৰ সবল ভূমিকা গ্ৰহণ কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণ জ্যোতি মৰাণ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰ, সদৌ অসম মটক সন্মিলনৰ সাধাৰণ সম্পাদক কাজল গোহাঁই, টাই আহোম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি লোহিত গগৈ, মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়া, লাহোৱালৰ ক্ৰীড়া সংগঠক কৃষ্ণ তামুলী আৰু চাহ জনগোষ্ঠীৰ সংগঠক দয়ানন্দ শ্বাহক শনিবাৰে পুৱা ১১ বজাত সম্বৰ্ধনা জনাব৷ এই কথা প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত, কাৰ্যকৰী সভাপতি ধনটি শইকীয়া, সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0