ডিব্ৰুগড়ঃ সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত যোৱা শনিবাৰে লাহোৱালত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

ডিব্ৰুগড় জিলাৰ লাহোৱাল এছকেএছ একাডেমিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ২৫ গৰাকী ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় সাংবাদিক সংগঠনটোৱে।

ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক ধৈৰ্য্য কোঁৱৰ, 'অসমীয়া প্ৰতিদিন’ কাকতৰ তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক কবীৰ শইকীয়া, 'ডিকম’ৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন্দ্ৰ নাথ সন্দিকৈ, মটক জনগোষ্ঠীৰ নেতা ডেভিড চেতিয়া, আহোম জনগোষ্ঠীৰ নেতা লোহিত গগৈ, মটক সন্মিলনৰ সাধাৰণ সম্পাদক কাজল গোহাঁই, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, চাহ জনগোষ্ঠীয় নেতা দয়ানন্দ শ্বাহ, সাংবাদিক ৰমেশ হাজৰিকা, ধৰণী গগৈ, মুক্তামনি হাজৰিকা, হোমেন ফুকন, ফটো সাংবাদিক বিশ্বজিৎ ফুকন, সংগীত শিল্পী বিশ্বজিৎ খাটোৱাল, ৰাজদ্বীপ চেতিয়া, ক্ৰীড়া সংগঠক কৃষ্ণ তামুলী, কবি দিলীপ বৰুৱাক সম্বৰ্ধনা জনোৱা হয়।

তিনিচুকীয়া জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক অৰুণজ্যোতি নিবনুৱাই আঁত ধৰা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সহকাৰী সম্পাদক প্ৰণৱজ্যোতি ডেকাবৰুৱাই। 

সভাত সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, কাৰ্যকৰী সভাপতি ইমদাদ আলী, জ্যেষ্ঠ অধিবক্তা ঋষিৰাজ কৌশিক, বৃহত্তৰ গণ সন্মিলনৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, কীৰ্তি শিক্ষক বিদ্যা দত্ত, বিশিষ্ট সমাজ সেৱক উপেন দাস, সমাজ সেৱিকা অন্নপূৰ্ণা নাথ, ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া, কাৰ্যকৰী সভাপতি ধনটি শইকীয়াকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে উপস্থিত থাকি বক্তব্য আগবঢ়ায়।