ডিব্ৰুগড়ঃ হাতীআলি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি সদৌ অসম ছাত্ৰ সন্থাৰ হাতীআলি শাখা সমিতিখন গঠন কৰা হয়। চাবুৱা আঞ্চলিক সমিতিৰ উপ-সভানেত্ৰী ববিতা বৰচেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখা আগবঢ়াই মৃদ্যুপৱন গগৈয়ে।
সদৌ অসম ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক অভিনন্দন সেনাপতিয়ে ছাত্ৰ সন্থাৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰাৰ সভাত সহিষ্ণু গোহাঁইক সভাপতি আৰু নিতুপন বৰুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ ১১০ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰে।